ফকিৰগঞ্জত ভয়াৱহ অগ্নিকাণ্ড, বিস্তৰ ক্ষতি: অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ দাবী আছুৰ

 04/20/2019 - 13:16

হাটশিঙিমাৰী: শুক্ৰবাৰে পুৱা ১০ বজাত ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ফকিৰগঞ্জত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, হাজি বাহাজ উদ্দিনৰ ৰান্ধনী ঘৰৰ পৰা হঠাৎ জুইৰ সুত্ৰপাত ঘটি হাজি বাহাজ উদ্দিন, ৰহমত আলী আৰু ছামছুল হকৰ দুটাকৈ ঘৰ, নগদ ধন, বয় বস্তু, নথি পত্ৰ আদি সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে হাজি বাহাজ উদ্দিনৰ প্ৰায় ১৫ লাখ, ৰহমত আলীৰ প্ৰায় ৫ লাখ আৰু ছামচুল হকৰ প্ৰায় ৩ লাখ টকাৰ বিস্তৰ ক্ষতি সাধন হয়।

পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত আছুৰ এটা সজাঁতি দল উপস্থিত হৈ দুখ প্ৰকাশ কৰাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলামে মন্তব্য কৰে যে, আমি ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই আহিছোঁ ফকিৰগঞ্জ এটা বৃহৎ অঞ্চলত এখন অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন কৰক কিন্তু চৰকাৰে কোনো কাণসাৰ দিয়া নাই।

প্ৰশাসন তথা চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে আজি ইমান ভয়ংকৰ দুৰ্ঘটনাসংঘটিত হ'ল। অগ্নিনিৰ্বাপক কেন্দ্ৰ থকা হ'লে হয়তো ইমান ভয়ংকৰ দুৰ্ঘটনা নহ'লে হয়।

প্ৰশাসন তথা চৰকাৰলৈ আমাৰ দাবী আজিৰ জুইত জাহ যোৱা দুখীয়া দুৰ্ভগীয়া পৰিয়ালবোৰক উপযুক্ত ক্ষতি পূৰণ দি পৰিয়ালকেইটাক সহায় কৰিব লাগে আৰু লগতে অতি সোণকালে বৃহৎ ফকিৰগঞ্জ অঞ্চলত এখন অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিব লাগে যাতে এনেকুৱা দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি নহয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।