মৰিগাঁৱৰ লাহৰীঘাটত প্ৰেমৰ নামত প্ৰতাৰণা

 04/20/2019 - 13:35

মৰিগাঁও: কোৱা হয় প্ৰেম স্বৰ্গীয়, প্ৰেম ইশ্বৰৰ দান। কিন্তু এই কথাষাৰৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল মৰিগাঁও জিলাৰ লাহৰীঘাটত। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধুৱাংখাইটি গাঁৱৰ মাজাহাৰুল ইছলাম নামৰ এজন লম্পতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল একেখন গাঁৱৰে নৱম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ছাত্ৰীৰ সৈতে।

দীৰ্ঘদিন ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ মধূৰ সম্পৰ্ক। কিন্তু পাছলৈ এই লম্পত চৰিত্ৰৰ মাজাহাৰুল ইছলামে নৱম শ্ৰেণীৰ এই ছাত্ৰীগৰাকীক গৰ্ভৱতী কৰে। আৰু গৰ্ভৱতী কৰিয়ে পলাই ধৃত লম্পত যুৱক মাজাহাৰুল ইছলাম। ইফালে দীৰ্ঘদিন ধৰি ছাত্ৰীগৰাকীয়ে পলাই থকা প্ৰেমিকক বিচাৰি হাবাথুৰি খাইছে যদিও আজিলৈ কোনো সন্ধান উলিয়াব পৰা নাই।

সেয়েহে উপায়ন্তৰ হৈ প্ৰেমিকাই লাহৰীঘাট থানাত ৰুজু কৰিলে এক গোচৰ। কিন্তু গোচৰ ৰুজু কৰাৰ পাছতো যেন আজিলৈকে এইগৰাকী ছাত্ৰীয়ে আৰক্ষীৰ পৰা নাপালে কোনোধৰণৰ ন্যায়। সেয়েহে এতিয়া আৰক্ষীৰ এনে নিৰৱ ভূমিকাক লৈ সৰৱ হৈ উঠিছে স্থানীয় দল সংগঠনবোৰ।

লাহৰীঘাট আৰক্ষীক সংগঠনবোৰে দাবী কৰিছে যে, ৭ দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰক লম্পত মাজাহাৰুলক। সম্পতি ছাত্ৰীগৰাকী এটি ৭ মহীয়া শিশুৰ মাতৃ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।