জুৰীয়াত শিক্ষিত যুৱকৰ নিৰুদ্দেশক লৈ চাঞ্চল্য: কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ

 04/20/2019 - 13:54

জুৰীয়া: জুৰীয়াত ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছে বগুৰিগুৰি গাঁৱৰ শিক্ষিত যুৱক মজিবুৰ ৰহমান। কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ। যুৱকজনৰ সন্ধান নোলোৱাত গাওঁবাসী চিন্তিত হৈ পৰিছে। জুৰীয়াৰ বগুৰিগুৰি গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ মজিবুৰ ৰহমান।

যোৱা ১৮ এপ্ৰিলৰ ৰাতি অনুমান ১১ মান বজাত নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হৈ আছে মজিবুৰ ৰহমান। ৰাতিপুৱালৈকে মজিবুৰৰ কোনো শুং-সূত্ৰ নোপোৱাত ম'বাইল ফোনৰ ছুইচ অফ থকাত পৰিয়ালৰ লোকে চিন্তিত হৈ জুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

আজি তিনিদিন পাৰ হ'ল কিন্ত্ত কোনো শুং-সূত্ৰ নোলাল মজিবুৰ ৰহমানৰ। জুৰীয়া আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দিছে যদিও আৰক্ষীৰ তৰফৰ পৰা কোনো সহায় সহযোগ নোপোৱাত পৰিয়ালৰ লোকে বিভিন্ন জনৰ ওচৰত সহায় ভিক্ষা খুজিছে।

কোনো ব্যক্তিয়ে কোনো শুং-সূত্ৰ পালে স্হানীয় আৰক্ষী বা পৰিয়ালৰ লগত অথবা ৬০০০৮০৮০৪৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।