খাৰুপেটীয়াত বিৰল প্ৰজাতিৰ ফেঁচা উদ্ধাৰ

 04/20/2019 - 14:35

দলগাঁৱ: দৰঙৰ খাৰুপেটীয়াত প্ৰকৃতি প্ৰেমী কিশোৰ কিশোৰীয়ে চিলনী চৰাইৰ মুখৰ পৰা উদ্ধাৰ কৰিলে এই বিৰল প্ৰজাতিৰ ফেঁচা ।

আজি কিশোৰ কিশোৰী কেইজনে পুৱাৰ ভাগত খেলি থাকোঁতে চিলনীয়ে এই বিৰল প্ৰজাতিৰ চৰাইটো চিকাৰ কৰি লৈ গৈ থকা অৱস্থাত কিশোৰ কিশোৰী কেইজনৰ সন্মুখত আকাশৰ ওপৰৰ পৰা চিলনীৰ মুখৰ পৰা পৰি যায়। পিছত চিলনীয়ে পুনৰবাৰ উঠাবলৈ লওঁতেই কিশোৰ কিশোৰীকেইটাই আগচি ধৰি চিলনীৰ মুখৰ পৰা ফেঁচাটো উদ্ধাৰ কৰি মানৱতা আৰু প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰে।

ইফালে, খাৰুপেটীয়াৰ নিকটৱৰ্তী বিহুদিয়া গাঁৱতো পৰহি এই একে ধৰণৰ বিৰল প্ৰজাতিৰ ফেঁচা উদ্ধাৰ কৰে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।