'কলংক'-এ ভাঙিলে ৰেকৰ্ড

 04/20/2019 - 16:08

ডিজিটেল ডেস্ক: বক্স অফিচত এইবছৰৰ শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছে কলংক। প্ৰথম দৰ্শনীতে দৰ্শকৰ মন জয় কৰিছে ছবিখনে। আলিয়া ভাট্ট আৰু বৰুণ ধৱনৰ অন স্ক্ৰীণ যুঁটিটোক সকলো দৰ্শকে আঁকোৱালি লৈছে।

কিন্তু এই ছবিখনত তাতোকৈ জনপ্ৰিয় যুঁটি হৈছে ৮০-৯০ দশকৰ দৰ্শকৰ অতি জনপ্ৰিয় অভিনেতা অভিনেত্ৰী মাধুৰী আৰু সঞ্জয় দত্তৰ যুঁটিটো। সেইসময়ত এই প্ৰেমিকযুগল আছিল দৰ্শকৰ নয়নৰ মণি।

বহুকেইখন হিট ছবি ৰাইজক উপহাৰ দিয়া পিছত এওঁলোকে চাজন আৰু খলনায়কৰ পিছত একেলগে কাম কৰা এইখন তেওঁলোকৰ প্ৰথম ছবি। দৰ্শকে এই দুয়োটা যুঁটিক সুন্দৰভাৱে আকোঁৱালি লৈছে।

কলংকে প্ৰথম দৰ্শনীতে ২১.৬০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।