গোলকগঞ্জত ২১ টা চোৰাং গৰু জব্দ

 04/20/2019 - 16:28

গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত মটেৰঝাৰত ধুবুৰী-কচুগাঁও গড়কাপ্তানি পথৰপৰা শনিবাৰে পুৱতি নিশা গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই ২১ টাকৈ গৰু জব্দ কৰে। আৰক্ষী অহাৰ উমান পাই গৰু বেপাৰীয়ে গৰুবোৰ বাটতে এৰি পলায়ন কৰে।

আৰক্ষীয়ে ঘটনাস্হলীত কোনো এজনকে আটক কৰিব নোৱাৰে যদিও ২১ টাকৈ গৰু আটক কৰিবলৈ সক্ষম হয়। গৰুকেইটা গৌৰীপুৰ অভিমুখে লৈ গৈ থকা বুলি জানিব পৰা গৈছে। গৰুকেইটা চোৰাং ভাৱে বাংলাদেশলৈ প্ৰেৰণৰ উদ্দেশ্যে নি থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে আটক কৰা গৰুবোৰ শেষত মটেৰঝাৰ খোৱাৰত জমা দিয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।