বিহাৰত কিশোৰীক যৌন নিৰ্যাতন

 04/20/2019 - 16:39

ডিজিটেল ডেস্কঃ প্ৰত্যেক দিনে দেশত বাঢ়িছে যৌন নিৰ্যাতনৰ ঘটনা৷ এইবাৰ বিহাৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শনিবাৰে মাজনিশা বিহাৰৰ গংগা বিহাৰ কলনীৰ এটা বাসগৃহত সোমাই অচিনাক্ত দুৰ্বৃত্ত।

এই দলটোৱে এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে পৰিয়ালৰ লোকে৷ কিশোৰীৰ মাতৃক পিষ্টল দেখুৱাই দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা।

কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তই এচিডেৰে আক্ৰমণ কৰে কিশোৰীগৰাকীক।

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।