শীঘ্ৰে হ’ব যুদ্ধ, গাঁৱত নাই মানুহ, কাশ্মীৰত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী প্ৰেৰণ

 02/23/2019 - 17:04

ডিজিটেল ডেস্কঃ পুলৱামা কাণ্ডৰ পিছৰে পৰা জম্মু-কাশ্মীৰৰ পৰিস্থিতি ক্ৰমান্বয়ে সলনি হ’ব ধৰিছে৷হুৰিয়তৰ বিচ্ছিন্নতাবাদী নেতাৰ প্ৰথমে সুৰক্ষা বাতিল কৰাৰ লগতে এদিন পূৰ্বে বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিককে ধৰি কেইবাজনো নেতাক জম্মু-কাশ্মীৰ আৰক্ষীয়ে আটক কৰাৰ পিছৰে পৰা পৰিস্থিতি অধিক সলনি হ’ব বুলি আশংকা কৰা হৈছে৷ ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত ১০০টা কোম্পানী জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰে৷

জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ৪৪ গৰাকীকৈ চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পিছতে জম্মু-কাশ্মীৰত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ কুচ-কাৱাজ বৃদ্ধি কৰা হৈছে৷কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ দৰেই ভুল নকৰি অৰ্ধসামৰিক বাহিনীৰ কোম্পানীকেইটাক আকাশমাৰ্গেৰে জম্মু-কাশ্মীৰলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে ভাৰত চৰকাৰে জম্মু-কাশ্মীৰলৈ অতিৰিক্ত কোম্পানী নিয়োগ কৰাৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হ’ব বুলি আশংকা কৰা হৈছে৷

পাকিস্তানে সীমান্তৰ ৪৪ খন আৰু ভাৰত চৰকাৰে ২৭ গাঁও খালি কৰিছে৷দুয়ো দেশে ক্ৰমান্বয়ে সীমান্তত সামৰিক সঞ্চালনা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷চৰকাৰে সীমান্তত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানো বৃদ্ধি কৰিছে৷আনহাতে ভাৰত চৰকাৰে পাকিস্তানক বিশ্বৰ বিভিন্ন সংস্থাৰ পৰা এলাগি কৰাৰ বাবে কূটনীতি ৰচনা কৰি সফল হোৱা দেখা গৈছে৷ৰাষ্ট্ৰ সংঘৰ মজিয়াত পাকিস্তানৰ বিৰুদ্ধে বিশ্বৰ বহু দেশক একত্ৰিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ কূটনীতি সফলো হৈছে৷পাকিস্তানক ভাৰতৰ ক্ষমতাৰ সন্মুখত আঁঠুকঢ়াৰ বাবে বাধ্য কৰিবলৈ ভাৰত চৰকাৰে বিভিন্ন কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে৷ভাৰত চৰকাৰে পাকিস্তানলৈ ৰপ্তানি হোৱা সামগ্ৰীৰ শুক্ল বৃদ্ধি কৰাৰ লগতে ভাৰতৰ দিশৰ পৰা পাকিস্তানলৈ বৈ যোৱা নদীসমূহৰ পানীৰ সোঁত বন্ধ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।