বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি

 04/20/2019 - 16:51

বৰবালাঃ সমাগত লোকসভা নিৰ্বাচন সুকলমে পাৰ হোৱালৈ লক্ষ্য ৰাখি বৰপেটা জিলাৰ জিলা দণ্ডাধীশ মুণীন্দ্ৰ শৰ্মাই সমগ্ৰ জিলাখনত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷

এই সময়ছোৱাত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰা, সমাগম, শোভাযাত্ৰা, সাম্প্ৰদায়িক ভাষণ আদি দিয়া, উত্তেজক শ্লোগান আদি দিয়া নিষিদ্ধ কৰিছে৷ শুকুৰবাৰে জাৰি কৰা এই নিৰ্দেশ পৰবৰ্তী জাননী নিদিয়ালৈকে বলবৎ থাকিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।