আজিৰেপৰা বেঙেনাহাতী সত্ৰত আৰম্ভ হৈছে সত্ৰ সভা

 04/20/2019 - 17:28

গোৰেশ্বৰ: ঐতিহ্যমণ্ডিত গোৰেশ্বৰ বেঙেনাহাতী সত্ৰত আৰম্ভ হৈছে সত্ৰ সভা। এই সভাত ৫ ব'হাগৰ সন্ধিয়া আৰীয়া প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই সভা। লোকবিশ্বাস অনুসৰি, আৰীয়া প্ৰজ্বলন কৰিলে মনৰ আশা-আকাংশা পূৰণ হয়।

এই সভাত গোৰেশ্বৰৰ লগতে বিভিন্ন ঠাইৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। ৬ ব'হাগ অৰ্থাৎ আজিৰেপৰা বিভিন্ন বাৰেৰহনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সভা। সভাৰ লগত সংগতি ৰাখি বাণিজ্যিক মেলাৰো আয়োজন কৰিছে উদ্যোক্তাসকলে।

এই সভাত শুৱালকুছি, হাজো, বৰপেটা, দৰং, সৰ্থেবাৰী আদি বিভিন্ন ঠাইৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.