উত্তৰ গুৱাহাটীত নিশা ট্ৰাকৰ পৰা এলপিজি চিলিণ্ডাৰ লৈ উধাও চোৰ

 04/20/2019 - 17:47

উত্তৰ গুৱাহাটী: এতিয়া নিৰ্বাচনৰ বতৰ। চাৰিওফালে আৰক্ষী, অৰ্ধসামৰিক বাহিনী সষ্টম। কটকটীয়া নিৰাপত্তা ব্যৱস্থা। তাৰে মাজতে উত্তৰ গুৱাহাটীত চোৰে নিৰ্বিঘ্নে চুৰি কাৰ্য সম্পাদন কৰি পলাই যাবলৈ সক্ষম হয়। ঘটনাটো সংঘটিত হৈছিল যোৱা নিশা ৩ বজাত জীতেন্দ্ৰ নাথ নামৰ লোকজনৰ ব্যক্তিগত পাৰ্কিঙত।

অভয়পুৰৰ কলবাৰীৰ পাৰ্কিঙত থকা AS01 BC 0223 নম্বৰৰ আইঅ'চিৰ গেছ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকখনৰ গেছ চিলিণ্ডাৰ আন এখন বাহনত লোডিং কৰা প্ৰত্যক্ষ কৰে নিশান্ত নাথ নামৰ ব্যক্তিগৰাকীয়ে। নিশান্ত নাথে খবৰ দিয়াত গাড়ীখনৰ গৰাকী জীতেন্দ্ৰ নাথ পাৰ্কিঙলৈ বাইকযোগে আহি এখন গাড়ী দেখা পায়।

গাড়ীখনৰ কাষ চপাৰ লগে লগে নাথলৈ লক্ষ্য কৰি ইটা দলিয়াই আন্ধাৰৰ সুবিধা লৈ গাড়ীখন পলায়ন কৰে। পিছত এলপিজি চিলিণ্ডাৰ থকা ট্ৰাকখন পৰীক্ষা কৰাত ২২ টা গেছ ভৰ্তি চিলিণ্ডাৰ নাইকিয়া হোৱা দেখা পায় নাথে। যাৰ মূল্য ৭৭,০০০ টকা।

ইতিমধ্যে ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছে।

স্হানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ লগতে এলেকাটোত টহলদাৰী আৰক্ষীৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।