বৰপেটাত কংগ্ৰেছক এটা ভোট দিয়া মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীক দুটা ভোট দিয়া বুজাব: আজমল

 04/20/2019 - 18:29

হাউলী: ৬ নং বৰপেটা লোকসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ এখন বিশাল নিৰ্বাচনী সভা আজি দিনৰ ১১ বজাত হাউলীৰ ওচৰৰ বাণিয়াৰাপাৰা মহাবিদ্যালয় খেলপথাৰ প্ৰাঙ্গণত এআইইউডিএফৰ সমষ্টি কমিটিৰ সভাপতি ইমান খানৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল উপস্থিত থাকি কয় যে, বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এটা ভোট দিয়া মানে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক দুটা ভোট দিয়া বুজাব।

খালেক হৈছে বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহ। খালেক হিমন্ত বিশ্ব শৰ্মাৰ পেটৰ পৰা জন্ম লৈছে বুলি আজমলে কটাক্ষ কৰে। এইবাৰ ভাৰতবৰ্ষত এআইইউডিএফৰ নেতৃত্বত এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন হ'ব বুলিও তেওঁ দাবী কৰে। সভাত এআইইউডিএফৰ কাৰ্যকৰী সভাপতি আদিত্য লাংথাছাই গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিবলৈ এআইইউডিএফ দলক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছ, বিজেপিৰ শাসন কালত সংখ্যালঘু মুছলমানৰ ওপৰত হোৱা নিৰ্যাতন লাঞ্চনা-বঞ্চনা আদিৰ ওপৰত বহলাই বক্তব্য আগবঢ়ায়। উক্ত সভাত নাওঁবৈচাৰ বিধায়ক মামুন ইমদাদুল হ'ক চৌধুৰী, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, এআইইউডিএফৰ সাধাৰণ সম্পাদক নপূৰ বৰ্ধন, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতিদ্বয় মজিবৰ ৰহমান খান, জাকিৰ হুছেইন, হাজীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, জিলা এআইইউডিএফৰ উপ সভাপতি ফিৰুজ খান, দলৰ জিলা সম্পাদক কদ্দুছ খান আদিয়ে উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

লগতে ড০ হাফিজ ৰফিকুল ইছলামক তলা-চাবিৰ ছবিত বিপুল ভোটত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাত প্ৰায় দহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।