মোডীৰ নামত কমেডি ছবিহে হ'ব লাগে: উৰ্মিলা

 04/20/2019 - 19:09

ডিজিটেল ডেস্ক: মোডীৰ আধৰুৱা প্ৰতিশ্ৰুতিৰ ওপৰত এখন কমেডি ছবি হ'ব লাগে। এই মন্তব্য কংগ্ৰেছ নেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ। উত্তৰ মুম্বাইৰ কংগ্ৰেছৰ প্ৰাৰ্থী, অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত আধাৰিত 'নৰেন্দ্ৰ মোডী' নামৰ ছবিখন জমনী ছবিহে বুলি উল্লেখ কৰে।

মুম্বাইত হোৱা এখন সংবাদমেলত উৰ্মিলাই কয় যে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো ধৰণৰ কাম সম্পূৰ্ণ কৰা নাই।

ইয়াতকৈ ডাঙৰ কথা যে, গণতান্ত্ৰিক দেশ এখনত প্ৰধানমন্ত্ৰীয়ে ৫ বছৰত এখনো প্ৰেছ কনফাৰেঞ্চ নিদিলে বুলিও অভিনেত্রীগৰাকীয়ে উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।