বিশিষ্ট অভিনেতা ইন্দ্ৰ বনিয়াৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে একক অভিনয় প্ৰতিযোগিতা

 04/20/2019 - 19:36

গুৱাহাটী: অসমীয়া চলচ্চিত্ৰ জগতত ইন্দ্ৰ বনিয়া এজন উজ্জল নক্ষত্ৰ। তেখেতে সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল। ১৯৭০ চনৰ পৰা ২০১৪-১৫ চনলৈকে বিভিন্ন শিল্পীৰ লগত অসমৰ বিভিন্ন মঞ্চত কৌতুক অভিনয় প্ৰদৰ্শন কৰি ফুৰিছিল। ১৯৮৮ চনত 'হালধীয়া চৰায়ে বাওধান খায়' নামৰ ছবিখনৰ জৰিয়তে তেখেতে আন্তৰ্জাতিক লোকাৰ্ণ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনয় শিল্পীৰ বঁটা লাভ কৰা পঞ্চমজন ভাৰতীয় আৰু প্ৰথমজন অসমীয়া আছিল।

২০১৫ চনৰ ২৬মাৰ্চ তাৰিখে তেখেত প্ৰয়াত হয়। আৰু চাওঁতে চাওঁতে তেখেতৰ মৃত্যু হোৱা ৪ বছৰ পাৰ হয়। বহু বছৰৰ কষ্ট আৰু ত্যাগৰ মাজেৰে কৌতুক অভিনেতা ইন্দ্ৰ বণিয়াৰ সপোন বাস্তৱত ৰূপায়িত কৰি তেখেতৰ সোঁৱৰণিত একক অভিনয় প্ৰতিযোগিতাখনি প্ৰতিবছৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আহিছে।

ইন্দ্ৰ বনিয়াই প্ৰতিষ্ঠা কৰা নাটকৰ শিক্ষানুষ্ঠান অসম অভিনয় প্ৰতিষ্ঠাৰ উদ্যোগত ২৬ মে' ২০১৯ চনত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। বিগত বছৰত তেওঁৰ মৃত্যুবাৰ্ষিকী দুদিনীয়াকৈ আয়োজন কৰা হয় যদিও এইবছৰ কিছু অসুবিধাৰ বাবে এদিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হ'ব।

এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থলৈকে নিৰ্বাচন কৰা হ'ব। প্ৰতিযোগিতাখনত কিছুমান নিয়মাৱলী ৰখা হৈছে। প্ৰতিযোগীসকলৰ বয়সৰ সীমা ১৬ বছৰৰ পৰা ধাৰ্য কৰা হৈছে। একক অভিনয় যদিও এখনি পাণ্ডুলিপি থাকিব।

প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে পাণ্ডুলিপি আনিব লাগিব। পাণ্ডুলিপিৰ জৰিয়তে বাচনি কৰা হ'ব যাতে কোনো ধৰণৰ ৰাজনৈতিক কথাৰ অৱতাৰণা কৰা নহয়।

এই অভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৯৪৩৫১৯৯২২৭/৯৪৩৫১০২৪৬৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।