ৰঙিয়াৰ কেকোঁহাটীত ভয়ংকৰ দুৰ্ঘটনা

 04/20/2019 - 20:50

ৰঙিয়াঃ ৰঙিয়াৰ কেকোঁহাটীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ফৰ্ড ফিগ' বাহনে মহতিয়াই নিয়ে মাংসৰ দোকান। গুৰুতৰভাৱে আহত হয় দোকানখনত থকা চাৰিজনকৈ লোক।

নিয়ন্ত্ৰণহীন বাহনখনে পথৰ দাঁতিত থকা মাংসৰ দোকানখন মহতিয়াই নিয়ে। লগে লগে আহতকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায় ৰাইজে। লগতে উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰো ক্ষতিসাধন কৰে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকজনে। বৰ্তমান আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।