চকলেট দিয়াৰ প্ৰলোভনেৰে ৪ বছৰীয়া কণমানিক ধৰ্ষনৰ চেষ্টা ৫০ বছৰীয়া বৃদ্ধৰ

 12/09/2019 - 16:10

নগৰবেৰাঃ ধৰ্ষণ, যৌন নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন বলবৎ কৰাৰ পিছতো নিত্য নতুন এনে জঘন্য অপৰাধৰ ঘটনা সংঘটিত হৈয়েই আছে। নগৰবেৰাৰ গাগলমাৰীত এটি ৪ বছৰীয়া কণমানিক চকলেট দিয়াৰ চলনাৰে ধৰ্ষণৰ চেষ্টা ৫০ বছৰীয়া বৃদ্ধৰ। নগৰবেৰা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। নগৰবেৰাৰ গাগলমাৰীৰ সুভাষ নামৰ লম্পটটোৱে একে গাঁৱৰে এটি ৪ বছৰীয়া শিশুক চকলেট দিয়াৰ চলনাৰে ধৰ্ষণৰ অপচেষ্টা চলায়। ৬ ডিচেম্বৰত সংঘটিত এই জঘন্য ঘটনাৰ বিৰুদ্ধে শিশুটিৰ পিতৃয়ে নগৰবেৰা থানাত গোচৰ দিয়াত আৰক্ষীয়ে সুভাষ দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে কঠোৰ শাস্তি বিচাৰিছে সুভাষ দাসৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।