বিজনীত ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী সভা

 04/20/2019 - 21:02

বিজনীঃ ৰাজ্যখনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ বিজনীত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলসমূহে প্ৰচাৰ সভা ব্যাপক কৰি তুলিছে৷ জিলাখনৰ বিজনী নগৰৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীসহ অন্যান্য প্ৰাৰ্থীসকলে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷

চিৰাং জিলাৰ বিজনীত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই এক বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী কৰে বিজনী নিকটৱৰ্টী ভেটাগাঁৱৰ পৰা বিজনী পানবাৰী পথেৰে পদযাত্ৰা কৰি বিজনী বিদ্যাপীঠ উচ্চ মাধ্যমিক খেলপথাৰত ৰেলীৰ সামৰণী মাৰে। পিছলৈ বিজনী বিদ্যাপীঠ উচ্চ মাধ্যমিক খেলপথাৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

উক্ত বিশাল নিৰ্বাচনী সভাত বিটিচিৰ সুভাইঝাৰ পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰীয়ে পৌৰহিত্য কৰা সভাত প্ৰগতিশীল এনডিএফবি, এআইউডিএফ, সদৌ অসম বঙালী পৰিষদ এবছুৰ পূৰ্ণ সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই সভাস্থলীত হীৰা শৰণীয়াৰ অবড়ো দলৰ শীৰ্ষ ১৭গৰাকী অবড়ো নেতা ইউপিপিএল দলত যোগদান কৰে। ইউপিপিএল দলে অবড়ো দলৰ শীৰ্ষ ১৭ গৰাকীক উষ্ণ আদৰণি জনায়।

এইবাৰৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, কোকৰাঝাৰ সমষ্টিত যিটো বতাহ বলিছে ইয়াত বিপিএফৰ ৰাজত্ব আৰু বেছিদিন নাই৷ তেওঁ কয়, ৰাইজে সিদ্ধান্ত লৈছে নৱ কুমাৰ শৰণীয়াক ৰাইজে পৰাজিত কৰিব আৰু বিপিএফক ধূলিসাৎ কৰি দিব৷ এই কাৰণে আতংকিত হৈ প্ৰলাপ বকি আছে৷ তেওঁলোকৰ ভাষাৰ কোনো ভাৰসাম্য নাই৷ শাসক দল হিচাপে বিপিএফে আঁচনি ঘোষণা কৰিব লাগে নিৰ্বাচনৰ পিছত কি কৰিব৷

তাকে নকৰি প্ৰলাপ বকিছে৷ শিক্ষা, বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, নিবনুৱা সমস্যা, নৈৰ গৰাখহনীয়া সমস্যা, কোচ ৰাজবংশী, আদিবাসীৰ সমস্যা, বড়ো সমস্যা৷ তেওঁলোকৰ নীতি নাই বাবে এইবোৰ নকয়৷ বিপিএফে নৱ কুমাৰ শৰণীয়াক কুৰি শতাংশ সমালোচনা কৰে আৰু ইউপিপিএলক আশী শতাংশ সমালোচনা কৰে৷

শৰণীয়া আৰু বিপিএফৰ মাজত কিবা বুজাবুজি হৈ গ'ল নেকি তাক উৰ্খাও গৌৰা ব্ৰহ্মই সন্দেহ প্ৰকাশ কৰে৷ লগতে কয় যে এই বাৰ ইউপিপিএলৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, নিৰ্বাচনী সভাত বিশ হেজাৰৰ অধিক সমৰ্থকে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।