লখিমপুৰত দুই নকল সোণ বেপাৰী আটক

 04/20/2019 - 21:11

লখিমপুৰঃ লখিমপুৰ লালুক থানাৰ আৰক্ষীৰ নাকৰ তলতেই দীৰ্ঘকাল চলি আহিছে দুই নম্বৰী বেহা। চোৰাংচোৱাৰ সূত্ৰে শনিবাৰে লখিমপুৰৰ নাওবৈচাত আৰক্ষীৰ অভিযানত দুই নকল সোণ বেপাৰী আটক হয়।

ধৃত নকল সোণ ব্যৱসায়ীকেইটা হৈছে বঙালমৰাৰ ২নং সোণাপুৰৰ ৰাজিবুল আলী আৰু ছামাচুল হক। সোণ ক্ৰয় কৰিবলৈ অহা কোচবিহাৰৰ উত্তম কুমাৰ ঘোষ আৰু মিঠু দাসকো আটক কৰিছে নাওবৈচা আৰক্ষীয়ে।

সোণ ক্ৰয় কৰিবলৈ অহা উত্তম ঘোষ আৰু মিঠু দাসৰ পৰা উদ্ধাৰ কৰিছে নগদ ২০ হাজাৰ টকা। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।