তামুলপুৰত পথ দুৰ্ঘটনা: নিহত ১

 04/21/2019 - 11:52

তামুলপুৰ: তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘিলিপাৰত শনিবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, শনিবাৰে সন্ধিয়া ৭ মান বজাত দিঘিলিপাৰ গাওঁৰ জিতেন দাসৰ পুত্ৰ ৰূপান্তৰ দাসে(৩৫) নিজ গৃহৰ পৰা ৰঙিয়া-ভূটান পথেৰে খোজ কাঢ়ি দোকানলৈ গৈ থকা অৱস্থাত ভুটানৰ পৰা ৰঙিয়া অভিমুখী এখন তীব্ৰ বেগী পালচাৰ (এ এচ ০১ ডি জে ০৪৮৩) বাইকে পিছ ফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰতৰভাৱে আহত হয় ৰূপান্তৰ দাস৷

গুৰুতৰভাৱে আহত দাসক স্থানীয় লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই বাইক আৰোহী কেইজনে বাইখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

পিচত দুৰ্ঘটনাৰ খবৰ পায় তামুলপুৰ আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাইখন উদ্ধাৰ কৰি থানালৈ লৈ যায়৷

বাইকখনৰ গৰাকীৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।