য়ালহাংকা বিমানকোঠত জুইত জাহ গ’ল ১০০ খন চাৰিচকীয়া বাহন

 02/23/2019 - 17:57

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ১০০ খন ৰাখি থোৱা চাৰিচকীয়া বাহন ভস্মীভূত হোৱাৰ বাতৰি পোৱা গৈছে৷হঠাতে সংঘটিত অগ্নিকাণ্ডৰ ফলত হুৱা-দুৱা লাগে আৰু এৰো ইণ্ডিয়া-২০১৯ পাৰ্কিঙত ৰাখি থোৱা ৮০-১০০ খন চাৰিচকীয়া বাহন জুইত জাহ যায়৷অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল যদিও সহজেই জুই নুমুৱাবলৈ সক্ষম নহ’ল৷

জানিব পৰা মতে, ঘাঁহত জুই লগাৰ ফলতেই এই অঘটন সংঘটিত হৈছে৷য়ালহাংকা বিমানকোঠত শতাধিক এয়াৰক্ৰাফ্ট ৰাখি থোৱাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়৷প্ৰায় ১০০ খন গাডী অগ্নিকাণ্ডত জাহ যায় যদিও সমীপৰ বহু গাড়ী ততাতৈয়াকৈ আতৰাই নিয়াৰ ফলতেই বহু গাড়ী ৰক্ষা পৰে৷

প্ৰায় ডেৰ ঘণ্টাৰ পিছত জুই নিৰ্বাপণ হয় যদিও কোনো লোক হতাহত হোৱা নাই৷ৰক্ষা উৎপাদন বিভাগৰ সামগ্ৰী প্ৰদৰ্শনৰ কাৰ্যসূচী এৰো ইণ্ডিয়া-২০১৯ চলি থকাৰ সময়তে পাৰ্কিঙৰ এলেকাত ঘাঁহৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।