গোৰেশ্বৰত মুকলিকৈ চলিছে জুৱা খেল: নিৰ্লিপ্ত আৰক্ষী

 04/21/2019 - 12:19

গোৰেশ্বৰ: গোৰেশ্বৰ থানাৰ অন্তৰ্গত বেঙেনাআটী সত্ৰত আৰম্ভ হৈছে সত্ৰ সভা। বাক্সা জিলাৰ অন্যতম এই সত্ৰ সভাত বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ধৰণৰ দোকান পোহাৰ, কলা কৌশলীৰে ভৰি পৰিছে সত্রৰ চৌহদ। যাৰ ফলত সভাত সমাগম ঘটিছে অগণন লোকৰ।

আৰম্ভ হৈছে লাখ লাখ টকাৰ ব্যৱসায় বাণিজ্য। ইয়াৰ বিপৰীতে একাংশ অসাধু সমাজ বিৰোধী লোকে সভাত পূৰ্ণ সুযোগ গ্ৰহণ কৰি আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ জুৱা খেল। এইসকল দুষ্ট চক্ৰই আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে একাংশই তিনি তাচ, ডাইচ আদি বিভিন্ন জুৱা খেলৰ মুকলি বজাৰ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, কিছুদিন আগতে বিভিন্ন দল সংগঠনৰ ভূমিকাত বেনাৰ পুষ্টাৰিং কৰিছিল যদিও আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত আৰম্ভ কৰে জুৱা খেল। সভাত চলি থকা উক্ত জুৱা খেলে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে বুলি গোৰেশ্বৰৰ সামাজিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মুকলিভাৱে চলি থকা জুৱা খেল বন্ধ নোহোৱাৰ কাৰণ কি, লগতে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষী প্ৰশাসনে কিয় কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, ইয়াৰ আঁৰৰ ৰহস্য কি বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

এই পবিত্র সভাৰ সুযোগ লৈ মুকলিভাবে চলি থকা জুৱা খেলৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।