পলিং আৰু প্ৰিচাইডিং বিষয়া হিচাপে নিযুক্ত হৈছে বিজেপি কৰ্মী: ছিদ্দিক আহমেদ

 04/21/2019 - 13:04

কলগাছিয়া: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ কলগাছিয়াত একেখন ঠাইতে অগা পিছাকৈ বৰপেটাৰ এআইইউডিএফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ পক্ষত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এআইইউডিএফৰ সভাৰ পিছতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, বসন্ত দাস আৰু বুবুল দাসে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদে ভাষণ প্ৰসংগত শ্ববে বৰাতৰ ৰাতিকলৈ নিজৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ চেষ্টা চলায়। দেহৰক্ষী প্ৰত্যাহাৰ আৰু বৰ্খাস্ত কৰা সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বিজেপিয়ে পলিং আৰু প্ৰিচাইডিং বিষয়াৰ জৰিয়তে ষড়যন্ত্ৰ কৰি সংখ্যালঘু অঞ্চলত ইভিএম নষ্ট কৰি পলিং ভোটৰ শতাংশ কমাই দিয়ে বুলি অভিযোগ কৰে আৰু এখন কেন্দ্ৰত এনে পলিং বিষয়াই ১:৩০ বজাতেই ভোটিং মেচিন বন্ধ কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

এই সংক্ৰান্তত মাত মতাৰ বাবেই চৰকাৰে তেওঁৰ নিৰাপত্তাৰক্ষী কৰ্তন কৰাৰ লগতে এজন দেহৰক্ষীক বৰ্খাস্থ কৰা বুলি তেওঁ ব্যক্ত কৰে। আনহাতে, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ খানে, হেজাৰ বিঘা ভূমি কেলেংকাৰীৰ পৰা ৰক্ষা পাবলৈ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈ বিজেপিৰ হকে কাম কৰি আছে বুলি কৰা অভিযোগ ছিদ্দিক আহমেদে খণ্ডন কৰি কয় যে, অসম চৰকাৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত কাজিৰঙাত থকা হিমন্ত বিশ্বৰ বাগিছাত কিয় উচ্ছেদ নহ'ল বুলি প্ৰশ্ন তোলে।

ভূমি কেলেংকাৰী সন্দৰ্ভত ছিদ্দিক আহমেদে কাকো কেয়াৰ নকৰে বুলিও তেওঁ মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।