কুইন ওজাৰ সমৰ্থনত বেজেৰা মণ্ডলৰ মহিলা মৰ্চাৰ বিশাল পদযাত্ৰাৰ প্ৰস্তুতি

 04/21/2019 - 13:30

উত্তৰ গুৱাহাটী: অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজি অনুষ্ঠিত হৈছে অন্তিম দিনাৰ প্ৰচাৰ অভিযান। আজি পুৱাৰ পৰাই বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

আজি ৰবিবাৰে ৰাতিপুৱা বিজেপিৰ বেজেৰা মণ্ডলৰ সহযোগত বেজেৰা মণ্ডলৰ মহিলা মৰ্চাই ৰাজ্যিক মহিলা মৰ্চাৰ নিৰ্দেশনাত বিশাল পদযাত্ৰাৰ আয়োজন কৰিছে৷ এই যাত্রাত অংশ ল'ব বিজেপিৰ সকলো কৰ্মী তথা স্হানীয় ৰাইজ। এই যাত্রা শৰাইঘাট সভাঘৰৰ পৰা শিলভৰাল হাইস্কুল ফিল্ডলৈ পদযাত্ৰা কৰিব বুলি বেজেৰা মহিলা মৰ্চাৰ সভানেত্ৰী বৰোদা মহন্ত আৰু সাধাৰণ সম্পাদিকা মুন দাসে জানিবলৈ দিছে।

কুইন ওজাৰ সমৰ্থনত এই পদযাত্ৰাত দলৰ কেইবাজনো জ্যেষ্ঠ নেতা মন্ত্ৰীয়ে অংশ ল'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।