কোচ ৰাজবংশীক জনজাতিকৰণৰ নামত চৰকাৰে কৰা প্ৰতাৰণা-কেবৰ বিৰুদ্ধে কোকৰাঝাৰত আক্ৰাছুৰ প্ৰতিবাদ

 12/11/2019 - 15:02

কোকৰাঝাৰঃ অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দাবীৰ সমস্যা সমাধান কৰাৰ নামত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দীৰ্ঘ বছৰ ধৰি দেখুৱাই অহা চৰম ভেকোভাওঁনা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত আক্ৰাছুৰ কৰ্মেশ্বৰ ৰায় গোট আৰু কোচ-ৰাজবংশী মহিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়ায়৷

কোকৰাঝাৰ ৰাসমেলা পথাৰৰ পৰা আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায় সাধাৰণ সম্পাদক জীৱেশ ৰায় আৰু উপদেষ্টা হিতেশ্বৰ বৰ্মনৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় শতাধিক আক্ৰাছু নেতা-কৰ্মী আৰু পুৰুষ-মহিলা সকলে কোচ-ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ গঠনৰ এক বৃহৎ সমদল উলিয়ায়৷

সাংবাদিকেৰে হোৱা মুখামুখিত আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, সাধাৰণ সম্পাদক জীৱেশ ৰায়ৰ লগতে উপদেষ্টা হিতেশ্বৰ বৰ্মনে বিজেপি চৰকাৰৰ প্ৰতাৰণা কোনো কাৰণতে আৰু সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ লগতে অসমৰ ৰাইজৰ পৰিপন্থী কেব কোনোপধ্যেই সমৰ্থন নকৰি তাৰ বিৰুদ্ধে আক্ৰাছুৱে বিৰোধিতা কৰি যাব বুলি কয়৷ উল্লেখ্য যে প্ৰতিবাদী সমদলত অংশ গ্ৰহণকাৰীসকলে ন এছ টি ন’ ৰেষ্ট উই ওৱান্ট কমতাপুৰ, আমাক কমতাপুৰ লাগিবই আদি বিভিন্ন ধৰণৰ শ্ল’গান দি সন্ধিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।