ৰহস্য হৈ থাকিল নগাঁৱৰ গুলীবৃদ্ধ জোৱান পূৰ্ণানন্দৰ মৃত্যুৰ কাৰণ

 12/11/2019 - 16:01

কামপুৰঃ ঝাৰখণ্ডৰ বুকাৰুত  সংঘটিত এক ৰহস্যজনক সংঘৰ্ষত  চি আৰ পি এফত কৰ্মৰত বিষয়া নগাঁৱৰ বেবেজীয়া আৰক্ষী থানাৰ দক্ষিনপাট হাতীগড়ৰৰ গুলীবৃদ্ধ হৈ নিহত হোৱা পূৰ্ণনন্দ ভূঞাৰ নশ্বৰ দেহ বুধবাৰে নিজ বাসগৃহত শোকাকুল পৰিৱেশত সামৰিক ময্যৰ্দাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হয়। পঞ্চল্লিচ উৰ্দ্ধৰ বিষয়াজন এই সংঘৰ্ষত গুলীবিদ্ধ হৈ নিহত হোৱা বুলি জানিব পৰা গৈছিল যদিও শেহতীয়াভাৱে পূৰ্ণানন্দ মৃত্যু কাৰণে ৰহস্য সৃষ্টি কৰিছে। উল্লেখ্য যে সোমবাৰৰ সন্ধিয়া ৭-৩০ বজাত  চি আৰ পি এফৰ ২২৬ নং বেটেলিয়নৰ বিষয়া পূৰ্ণানন্দ ভূঞাৰ সৈতে ফোনত তেওঁৰ পৰিয়ালৰ শেষ যোগাযোগ স্থাপন হৈছিল। তেওঁ পত্নীৰ সৈতে বাৰ্তালাপ কৰিছিল। ইয়াৰ পিছতে বিষয়াজনৰ লগত পৰিয়ালৰ আৰু কোনো যোগাযোগ স্থাপন হোৱা নাই।

যোৱা ১৫ নৱেম্বৰত  ছুটী শেষ কৰি ঘৰৰ পৰা উভতি যোৱা পূৰ্ণানন্দ ভূঞাৰ এনে এক খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে পৰিয়ালটিৰ লগতে অঞ্চলৰ ৰাইজক। একাংশই এই সংঘৰ্ষ মাওবাদীৰ সৈতে হোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই চি আৰ পি এফ শিবিৰটোত তেওঁলোকৰ নিজৰ মাজতেই হোৱা বুলি  প্ৰকাশ কৰিছে। এই খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ পৰিয়ালে। অৱশ্যে মঙ্গলবাৰে পুৱা বেবেজীয়া আৰক্ষীয়ে এফৰ বিষয়াজন গুলীবিদ্ধ হৈ আহত হোৱা বুলি তেওঁৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

বুধবাৰে পৰিয়ালৰ লোকে গুলিবদ্ধ মৃতদেহতো দেখি উত্তেজিত হৈ পৰে। জোৱানজনৰ মৃত্যুৰ কাৰণ নজনোৱাৰ বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে এই সম্পৰ্কত নগাওঁ জিলা উপায়ুক্ত; নগাওঁ জিলাৰ আৰক্ষী অধিক্ষক আৰু ২২৬ নং বেটেলিয়নৰ বিষয়াৰ পৰা মন্তব্য বিচাৰাত মন্তব্য দিয়াৰ পৰা বিৰত থাকে সকলো। এতিয়া প্ৰশ্ন হৈছে মৃতদেহ চমজি দিবলৈ আহি সকলোৰে মুখত মাথোন ন কমেণ্ট কিয়? ৰহস্য হৈ থাকিব নেকি জোৱান পূৰ্ণানন্দৰ মৃত্যুৰ কাৰণ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।