উৰিয়ামঘাটত দুৰ্ধৰ্ষ এনএছচিএন সদস্য আটক

 04/21/2019 - 14:20

সৰুপথাৰ: গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত একে ৪৭ সহ আটক কৰা হৈছে চাৰি নগা যুৱক আৰু দুজন অটো চালক৷ উৰিয়ামঘাট আৰক্ষী আৰু চিআৰপিএফৰ এটা তহলদাৰি দলে কালি নিশা উৰিয়ামঘাট ফ'ৰেষ্ট তিনিআলিত আটক কৰে সন্দেহ জনক এনএছচিএনৰ দলটোক।

আটকাধীন চাৰিজন নগা যুৱকৰ ভিতৰত এজন দুৰ্ধৰ্ষ এনএছচিএন(আইএম) আৰু এজন এনএছচিএন (কে)ৰ সদস্য৷ তেওঁলোকৰপৰা উদ্ধাৰ কৰা হৈছে এটা একে ৪৭, এটা মেগজীন, ২৯ ৰাউণ্ড সজীৱ গুলী আৰু ৫ টা ম'বাইল আৰু এডাল চিলিং।

উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তত ধনদাবী কৰিবলৈ আহিছিল এই নাগা যুৱকৰ দলটো। দীৰ্ঘদিন ধৰি সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ অঞ্চলসমূহত এনএছচিএনয়ে ধনদাবীকে ধৰি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

আটকাধীন নগা যুৱক কেইজনৰ নাম খয়াক কনয়াক, চাতম কনয়াক, কাই মাংগ ওনং আৰু আকা চুমি। উৰিয়ামঘাটত ধনদাবী কৰিবলৈ আহি আৰক্ষী আৰু চিআৰপিৰ জালত পৰিল এই দুৰ্ধৰ্ষ নগা যুৱককেইজন।

নগা যুৱককেইজনে ভাড়া কৰি অনা দুখন অটোসহ অকচাৰ আলি আৰু তেজ বাহাদুৰ ছেত্ৰী নামৰ চালক দুজনকো আটক কৰিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।