তামুলপুৰত ইউপিপিএলৰ বিশাল বাইক ৰেলী

 04/21/2019 - 14:58

তামুলপুৰ: ৫ নং কোকৰাঝাৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিটো দলৰ প্ৰতিজন প্ৰাৰ্থীৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে। আজি প্ৰচাৰ কাৰ্যৰ অন্তিম দিনত তামুলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত ইউজি ব্ৰহ্মৰ সমৰ্থনত তামুলপুৰত ব্ৰহ্মৰ সমৰ্থকসকলে এক বিশাল বাইক ৰেলী উলিয়ায়।

তামুলপুৰ মটঙা চকস্থিত ইউপিপিএলৰ কাৰ্যালয়ৰ পৰা ওলোৱা এই বাইক ৰেলীত প্ৰায় পাঁচ শতাধিক বাইকে অংশগ্ৰহণ কৰে। সমৰ্থকসকলে ইউপিপিএল জিন্দাবাদ, ইউ জি ব্ৰহ্ম জিন্দাবাদ, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক আদি শ্ল'গানৰে তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

তামুলপুৰস্থিত ইউপিপিএলৰ কৰ্যালয়ৰ পৰা ওলোৱা এই বাইক ৰেলীতো গান্ধীবাৰী, নাগ্ৰীজুলী, কাউলী আদি অঞ্চলৰে সমদল কৰি কুমাৰিকাটাস্থিত ইউপিপিএলৰ কাৰ্যালয়ত সমাপ্ত কৰিব বুলি ইউপিপিএলৰ নেতা বৃন্দই জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।