মহানগৰীত আইএছবিটিত নাপাব দূৰণিবটীয়া বাছ

 04/21/2019 - 15:10

গুৱাহাটীঃ প্ৰশাসনৰ নতুন নিৰ্দেশনা অনুসৰি মহানগৰীত আইএছবিটিত নাপাব দূৰণিবটীয়া বাছ। আগন্তক তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

আইএছবিটিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা। ইফালে নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব। কিয়নো মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ’ব নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰং ৰূম।

তাতেই ৰখা হ’ব ই ভি এমসমূহ। এই নতুন নিৰ্দেশনা ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।