অসম সন্তান ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শনঃ ৰাজস্থান ৰয়েলছৰ হৈ অদমনীয় বেটিং

 04/21/2019 - 15:59

ডিজিটেল ডেস্কঃ কঁকালৰ খোচনিত গামোচা লৈ অসমৰ ৰিয়ানৰ অদমনীয় বেটিং। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথৰ সৈতে মিলি দলক ৫ উইকেটত জয়ী কৰালে ৰিয়ানে। অধিনায়ক ষ্টিভ স্মিথ আৰু পৰাগৰ অদমনীয় যুটিয়ে মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৬২ ৰানৰ লক্ষ্য সহজেই অতিক্ৰম কৰায়। বেটিঙৰ সময়ত ৰিয়ানৰ কঁকালৰ খোচনিত আছিল এখন গামোচা। এই দৃশ্যই অসংখ্যজনৰ মন কাঢ়িছে।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৫ উইকেটত ৰাজস্থান ৰয়েলছ জয়ী হয়। দলক সহজ বিজয় প্ৰদান কৰা ১৭ বছৰীয়া ৰিয়ান পৰাগক এফবিবি ষ্টাইলিছ বেটছমেনৰ বঁটা প্ৰদান কৰা হয়। আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ অভিলেখৰ পৰা মাত্ৰ কিছু দূৰৈত ৰৈ যায় ৰিয়ান। '১৭বছৰ বয়সত মোৰ যদি ৰিয়ানৰ দৰে আত্মবিশ্বাস থাকিলহেঁতেন!’ অধিনায়ক ষ্টিভ স্মিথে এনেদৰে প্ৰশংসা কৰে কিশোৰ খেলুৱৈগৰাকীক।

কোনো অভিজ্ঞ, দক্ষ খেলুৱৈৰ দৰেই প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানৰ ভৱিষ্যত অতি উজ্জ্বল আখ্যা দিলে ষ্টিভে। কেপ্তেইন ষ্টিভ স্মিথৰ সৈতে মিলি ৰিয়ান পৰাগে ৬৯ ৰাণ সংগ্ৰহ কৰে। সাৱাই মান সিং ষ্টেডিয়ামত ৰিয়ানৰ এই অদমনীয় প্ৰদৰ্শন দেশৰ কোটি কোটি লোকে উপভোগ কৰিলে। অধিনায়ক ষ্টিভ স্মিথে ৪৮ টা বলত ৫৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

খেলৰ শেষত ৰিয়ানক প্ৰদান কৰা হয় বিশেষ বঁটা। আইপিএলত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন এইবাৰ আশানুৰুপ নহয় যদিও দলৰ হৈ খেলা অসমৰ ৰিয়ানৰ প্ৰদৰ্শনে দেশী–বিদেশী সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িছে। ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ অধিনায়ক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।