বৰপেটাৰ দূৰণিবটীয়া কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল ৰাওনা

 04/21/2019 - 16:17

বৰপেটাঃ বৰপেটা জিলাৰ দূৰণিবটীয়া ১৪০ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ দুদিন পূৰ্বেই আজিয়ে ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ পৰা এই কেন্দ্ৰসমূহত নিয়োজিত ৭০০ বিষয়া-কৰ্মচাৰীয়ে ইভিএম আৰু ভিভিপেট মেচিনসহ নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে৷

বাঘবৰ বিধান সভা সমষ্টিৰ ৯১ টা আৰু চেঙা বিধানসভা সমষ্টিৰ ৪৯ টা কেন্দ্ৰ কিছু দূৰণীবটীয়া চৰ অঞ্চল হোৱাৰ বাবে এই কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ দল নিৰাপত্তাৰক্ষীসহ ৰাওনা হৈছে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে বাকী থকা ১২১৪ টা কেন্দ্ৰলৈ কাইলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল ৰাওনা হ'ব৷ তেওঁলোকৰ বাবে প্ৰয়োজনীয় যান-বাহনৰ ব্যৱস্থা কৰাৰ উপৰি মহাবিদ্যালয় চৌহদতে দুপৰীয়াৰ আহাৰো যোগান ধৰা হয়৷

অহা ২৩ এপ্ৰিলৰ দিনা হ'ব লগা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা সমগ্ৰ জিলাখনৰ মুঠ ১৩৫৪ টা কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ ৰাইজৰ ভোটদানৰ সুবিধাৰ্থে সেই দিনা জিলাখনত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে৷ সেই অনুসৰি সেইদিনা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ থাকিব৷

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম অংগমুথুৰ দ্বাৰা স্বাক্ষৰিত এটা নিৰ্দেশত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা, বাক্সা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কোকৰাঝাৰ নলবাৰী, চিৰাং আৰু কামৰূপ জিলাত এই বন্ধ ঘোষণা কৰা হৈছে৷

৬ নং বৰপেটা সংসদীয় সমষ্টিত মুঠ ১৬,৭৬,৮৫৫ জন ভোটাৰে এইবাৰ ভোটদানৰ সুযোগ লাভ কৰিব৷ ইয়াৰে ৬,৮৫,৩০০ জন পুৰুষ আৰু ৮,১১,৫৫৪ গৰাকী মহিলা ভোটাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।