আজি লোকসেৱা দিৱস

 04/21/2019 - 18:14

ডিজিটেল ডেস্ক: প্ৰত্যেক বছৰে ভাৰত চৰকাৰে ২১এপ্ৰিল তাৰিখে লোকসেৱা দিৱস উদযাপন কৰে। এই দিনটোত অখিল ভাৰতীয় সেৱাই তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ সেৱাসমূহক পুৰষ্কৃত কৰে। আজিৰ এই দিনটো স্বাধীন ভাৰতৰ ‌প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলে ভাৰতীয় লোকসেৱা আয়োগৰ নামত উচৰ্গা কৰিছিল।

২০০৬ চনৰ ২১ এপ্ৰিলত নতুন দিল্লীস্হিত বিধান ভৱনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। এই দিনটোৰ উদ্দেশ্য ভাৰতীয় প্ৰশাসনিক সেৱা, ৰাজ্য প্ৰশাসনিক সেৱাৰ সদস্যসকলৰ কাৰণে উচৰ্গা কৰা হয়।

প্ৰত্যেক বছৰে এই অনুষ্ঠানটোৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিষয়ববীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা উৎকৃষ্ট সন্মান প্ৰদৰ্শন কৰা হয়।

এই দিনটোৰ বাবে চৰকাৰী বিষয়ববীয়াসকলে অতি উৎসাহেৰে বাট চাই থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।