জুৰীয়াত নাবালিকা অপহৰণৰ ঘটনা

 04/21/2019 - 18:50

জুৰীয়া: জুৰীয়াত তিনিদিন ধৰি সন্ধান নাই নাবালিকাৰ। যোৱা ১৭ তাৰিখে আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছে নাবালিকা ছাত্ৰীগৰাকী। সদ্য সমাপ্ত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ৰূপহীৰ ৰৌমাৰীৰ ছাইদুল ইছলাম নামৰ লোকজনে প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক অপহৰণ কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। কিয়নো ছাত্ৰীগৰাকীয়ে পৰিধান কৰি যোৱা চেণ্ডেল আৰু কাপোৰ উদ্ধাৰ হৈছে ছাইদুলৰ ঘৰৰ ওচৰত।

লম্পট ছাইদুলে বিগত সময়ত কেইবাগৰাকী যুৱতী কিশোৰীক প্ৰেমৰ চলনাৰে বিয়া পাতি কেৰালাত নাৰী দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰাৰো অভিযোগ উঠিছে। নাবালিকাগৰাকীকো এনেদৰে কেৰালাত বিক্ৰী কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

ইতিমধ্যে জুৰীয়া থানাত ছাইদুলৰ লগতে ছাইদুলৰ বন্ধু হাসেন আলীৰ ওপৰত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। দুয়োজন দোষী পলাতক বুলি জানিব দিয়ে জুৰীয়া আৰক্ষীয়ে।

জুৰীয়া আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে যদিও কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

জুৰীয়া আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নল'লে হয়তু নাবালিকাগৰাকীৰ জীৱন এক অনিশ্চিত ভৱিৎষ্যতৰ দিশত গতি কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।