জি আই টিৰ সঞ্চালিকা ৰুণুজ্যোতি গোস্বামীৰ মৃত্যু

 04/21/2019 - 21:26

নগাঁওঃ ‘জি আই টি’ৰ সঞ্চালিকা তথা বিশিষ্টা সমাজসেৱিকা ৰুণুজ্যোতি গোস্বামী (৬৭)ৰ ২০ এপ্ৰিলৰ পুৱা সাত বজাত হদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সমাজসেৱিকাগৰাকী নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ছোটহয়বৰ নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও ইয়াৰ পূৰ্বেই মৃত্যু হয়।

ননৈৰ শ্ৰীশ্ৰী পুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত গোস্বামীৰ পত্নী ৰুণুজ্যোতিৰ মৃত্যুৰ সময়ত সত্ৰাধিকাৰ স্বামীৰ উপৰি এজন পুত্ৰ আৰু দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়। তেওঁ এগৰাকী সুদক্ষ ৰাজনীতিকো আছিল। তেওঁ পাখিমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আছিল। নগাঁৱৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ আছিল। তেওঁৰ প্ৰচেষ্টাতেই জন্ম হৈছিল অভিযান্ত্ৰিক প্ৰতিষ্ঠান জি আই টি, নগাঁৱৰ জি আই টি নেচনেল কলেজৰ দৰে শিক্ষা প্ৰতিষ্ঠান।

মৃত্যু পৰ্যন্ত তেওঁ দুয়োটা শিক্ষা প্ৰতিষ্ঠানৰেই সঞ্চালক আছিল। তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে এসময়ত জড়িত আছিল। ১৯৯৯ত প্ৰতিষ্ঠাকালীন সময়ৰ পৰা ‘জি আই টি’ৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ৰুণুজ্যোতি মৃত্যুত জি আই টিৰ গুৱাহাটী আৰু নগাঁও শাখা, সাংবাদিক পৰিষদ অসমকে ধৰি ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।