এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত অসম সন্তান শিৱ

 04/22/2019 - 11:31

ডিজিটেল ডেস্ক: বেংককত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে অসমৰ শিৱ থাপা। বক্সিং চেম্পিয়নশ্বিপৰ লাইট ৱেটৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত অসমৰ শিৱ থাপাই কিৰঘিস্তানৰ বক্সাৰক ৪-১ ব্যৱধানত পৰাস্ত কৰে।

দুবাৰৰ অলিম্পিয়ান শিৱই প্ৰথমে দক্ষিণ কোৰিয়া তাৰ পিছত কিৰঘিস্তানৰ বক্সাৰক পৰাস্ত কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছে অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাই।

শিৱ থাপাৰ লগতে আৰু ৪ গৰাকী ভাৰতীয় বক্সাৰে প্ৰৱেশ কৰিলে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।