চোকা অস্ত্রৰে উপৰ্যুপৰি আক্ৰমণ এজনক

 04/22/2019 - 12:23

ডিজিটেল ডেস্ক: ধুবুৰীৰ চাপৰত দেওবাৰে নিশা বল্লব পাল নামৰ এজন লোকক চোকা অস্ত্রৰে উপৰ্যুপৰি আক্ৰমণ দুবৃত্তৰ। চাপৰৰ সত্যপুৰ পালপাৰাত সংঘটিত হৈছে এই ঘটনা।

আহত বল্লবক সংকটজনক অ‍ৱস্থাত হাস্পতালত ভৰ্তি কৰাই স্থানীয় ৰাইজে। আক্ৰমণকাৰী বিনয় পালক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।

ঘটনাৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।