মন্ত্ৰী, বিধায়ক নহয় ৰঙিয়াত ক্ৰী়ড়া সংগঠকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ

 02/23/2019 - 18:30

ৰঙিয়াঃ আপুনি মন্ত্ৰী, বিধায়ক নাইবা দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা শুনিছে নতুবা দেখিছে। কিন্তু ক্ৰীড়া সংগঠকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নিশ্চয় শুনা নাছিল। কিন্তু কামৰূপৰ ৰঙিয়াত ক্ষোভিত ৰাইজে এগৰাকী ক্ৰীড়া সন্থাৰ সম্পাদকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ বিতৰ্কিত সাধাৰণ সম্পাদক দিলীপ চৌধুৰীৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ।

জানিব পৰা মতে, ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে অহা ধন সৰকোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আহিছে সম্পাদক দিলীপ চৌধুৰীৰ বিৰুদ্ধে। বিতৰ্কিত সম্পাদকগৰাকীয়ে বিগত ১৯ বছৰে সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ কৰি অহা বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ বাবেই ৰঙিয়া ক্ৰীড়া সন্থাত অচলাৱস্থাৰ সৃষ্টি হৈছে। আনহাতে ৰঙিয়া চহৰত অনুষ্ঠিত হ'বলগীয়া আসাম প্ৰীমিয়াম ক্ৰিকেট লীগ প্ৰতিযোগিতাখনত অনিশ্চয়তাই দেখা দিছে।

আসাম প্ৰীমিয়াম ক্ৰিকেট লীগ প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাত ৰঙিয়াত ক্ষোভৰ জুই জ্বলিছে। যোৱা ১৭ ফেব্ৰুৱাৰীৰপৰা ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া আসাম প্ৰীমিয়াম ক্ৰিকেট লীগ প্ৰতিযোগিতাখন বৰ্তমানলৈ বন্ধ হৈ আছে। সম্পাদকগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পিছটো অসম অলিম্পিক সন্থাই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ বাবে ক্ৰীড়া প্ৰেমীসকলে ৰঙিয়া ১ নং পুলিচ পইন্টত সম্পাদক দিলীপ চৌধুৰীৰ পুত্তলিকা দাহ কৰে। সম্পাদক গৰাকীৰ বিৰুদ্ধে নানা ধৰণে শ্ন'গান দি সম্পাদক গৰাকীক অপসাৰণৰ দাবী উত্থাপন কৰে। চৌধুৰীক অপসাৰণ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।