আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি

 04/22/2019 - 14:53

উত্তৰ গুৱাহাটীঃ আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰিছে কেন্দ্ৰটোৰ কৰ্মকৰ্তা প্ৰশিক্ষাৰ্থীসকল। অহা ২৪ এপ্ৰিল বুধবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪:৩০ বজালৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ আয়োজনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে বুলি কেন্দ্ৰটোৰ তত্বাৱধায়ক ৰবিন্দ্ৰ হেমট্টকাৰে জানিবলৈ দিছে। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বিহুদলে বিহু নৃত্য, হুচৰিয়ে প্ৰদৰ্শন কৰিব।

কেন্দ্ৰটোৰ শিক্ষাৰ্থীসকলেও গীত-মাতৰ অনুষ্ঠান পৰিবেশন কৰিব। এই ৰঙালী বিহু উদযাপন সমাৰোহত উপস্থিত থাকিব যুৱ বিকাশ কেন্দ্ৰৰ অধক্ষ্য দীপক কুমাৰ বৰঠাকুৰ, ডঃ নিৰ্মল বৰুৱা সঞ্চালক আৰু দীপাংকৰ বৰা সম্পাদক। যুৱ বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা ৰঙালী বিহু উদযাপন সমাৰোহত শিক্ষাৰ্থী সকলকৰ প্ৰতিভাক অনুপ্ৰাণিত কৰিবলৈ ৰাইজ উপস্থিত কামনা কৰিছে।

উল্লেখ্য যে আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰই ৰাজ্যৰ নিৱনুৱা সমস্যা সমাধান এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াত যুৱক-যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণ জৰিয়তে কৌশল বিকাশ সাধন কৰি দেশী-বিদেশী কোম্পানীত নিযুক্তি দি অহা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।