কামৰূপ জিলাৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহলৈ ইভিএমসহ নিৰ্বাচনী দল ৰাওনা

 04/22/2019 - 15:03

উত্তৰ গুৱাহাটীঃ অসমৰ চাৰিটা সাংসদ সমষ্টি গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটাত কাইলৈ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰে গুৱাহাটী সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কামৰূপ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে।

আজি পুৱা ইভিএম মেচিনসহ প’লিং বিষয়াসকল নিজৰ নিজৰ গন্তব্য স্থানলৈ গমন কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত তৎপৰতা বাঢ়িছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপৰ ৮৮৬ টা কেন্দ্ৰৰ ১৮ টা দূৰণিবটীয়া কেন্দ্ৰলৈ ইতিমধ্যে নিৰ্বাচনী কৰ্মীৰ দল প্ৰেৰণ কৰা হৈছে। আজি বাকী থকা ৮৬৮ টা দল প্ৰেৰণ কৰা হ’ব।

দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী টিম পঠিয়াবৰ বাবে ভটভটী আৰু গৰুগাড়ীৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। স্পৰ্শকাতৰ ভোট কেন্দ্ৰৰ তিনিতৰপীয়া নিৰাপত্তাৰ ব্যবস্থা কৰা হৈছে। ইতিমধ্যে বাছ অধিগ্ৰহণকে ধৰি চিকিৎসকৰ দল সাজু কৰি সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কামৰূপ প্ৰশাসনে।      

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।