হোজাই নীলবাগানৰ আশী নগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১

 12/25/2019 - 13:56

ডবকাঃ পবিত্ৰ বৰদিনৰ মাজতেই হোজাই নীলবাগানৰ আশী নগৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে৷ কয়লা ভৰ্তি ট্ৰাকৰ খুন্দাত গাড়ীৰ হেণ্ডিমেন ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য৷ নিশা ডবকা আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ আশী নগৰত AS01GC-2847 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকৰ খুন্দাত 'মাছুম ইছলাম নামৰ লংকাৰ ডাবলংৰ যুৱক এজন নিহত হয়৷

ঘটনাৰ খবৰ পাই নীলবাগান আৰক্ষীয়ে কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে গাড়ীৰ চালকক আটক কৰিছে৷ বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে নগাঁৱলৈ প্ৰেৰণ কৰিছে যদিও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে৷ নিশা হলেই বৈধ-অবৈধ কয়লাৰ ট্ৰাক ডাম্পাৰৰ সন্ত্ৰাস চলে হোজাইৰ 36আৰু 54 নম্বৰ ৰাষ্টীয় পথচোৱা৷ ৰহস্যজনক নিৰৱতা আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।