12/25/2019 - 15:48
in

তিনিচুকীয়াঃ বুধবাৰে পবিত্ৰ বৰদিন৷ খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ হেপাঁহৰ দিনটোত সমগ্ৰ বিশ্বতেই খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে পালন কৰিছে পবিত্ৰ বৰদিন। সমান্তৰালকৈ তিনিচুকীয়াতো খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে পালন কৰিছে বৰদিন।
আজি পুৱাৰে পৰা খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ যীশু বন্দনাই মুখৰিত হল তিনিচুকীয়াৰ হিজুগুৰিস্থিত গীৰ্জা ঘৰ। বিগত বৰ্ষসমূহত যিদৰে এই পবিত্ৰ দিনটোত সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎসৱমুখৰ পৰিৱেশ দেখা গৈছিল তাৰ বিপৰিতে এই বৰ্ষ কা" আন্দোলনৰ বাবে সেই পৰিবেশ দেখিবলৈ পোৱা নাই।