নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ভাস্কৰ্য্য শিল্পীৰ ব্যতিক্ৰমী অৱস্থান ধৰ্মঘট

 04/22/2019 - 16:19

লখিমপুৰঃ লখিমপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিলৰ দাবীত ভাস্কৰ্য্য শিল্পী প্ৰদীপ গগৈয়ে ব্যতিক্ৰমী অৱস্থান ধৰ্মঘট পালন কৰে।

বিভিন্ন দল-সংগঠনে ভিন্ন প্ৰতিবাদ কৰাৰ পাছতো জাতিধ্বংসী বিধেয়কখন বাতিল নকৰাত লখিমপুৰৰ ভাস্কৰ্য্য শিল্পী প্ৰদীপ গগৈয়ে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্ব-নিৰ্মিত প্ৰতীকি ভাস্কৰ্য্য স্মাৰক প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।