বৰপেটাৰ অৰুণোদয় একাডেমীত ব্যতিক্ৰমীভাৱে ধৰিত্ৰী দিৱস পালন

 04/22/2019 - 20:50

বৰবালা: বৰপেটা জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে কালজাৰত থকা অৰুণোদয় একাডেমীত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি ধৰিত্ৰী দিৱস পালন কৰা হয়। তদুপলক্ষে শিক্ষক-শিক্ষয়িত্ৰী¸ অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ সহযোগত এক সজাগতা মিছিল¸ ল’ৰা-ছোৱালীৰ পৃথকে পৃথকে বাটৰ নাট¸ বৃক্ষৰোপনৰ আহ্বান¸ মাতৃসকলক নিজৰ নিজৰ সন্তানৰ দ্বাৰা ভৰি ধোৱাই আশীৰ্বাদ লোৱা¸ অন্তৰংগ আলোচনা আৰু সজাগতা সভাৰ আয়োজন কৰে একাডেমী কৰ্তৃপক্ষই।

একাডেমী পৰিচালনা সমিতিৰ সভাপতি কায়েম উদ্দিন আহমেদ¸ সদস্য সচিব তথা প্ৰাক্তন কাউঞ্চিলৰ সাজিদা আহমেদ¸ আমছুৰ বৰপেটা জিলাৰ উপ-সভাপতি মো:তোতা মিঞা¸ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ¸ স্থানীয় নিউজ টাইমৰ সাংবাদিক আনিচুজ জামান¸ অৰুণোদয় একাডেমীৰ অধ্যক্ষ হৰ্ষৰাম পাঠক¸ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ বৈশ্য¸ অৱসৰপ্ৰাপ্ত শিক্ষক নীলকান্ত চৌধুৰী¸ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হামিদৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৰ্ধন কৰে।

উল্লেখ্য যে, ২০১১ চনত স্থাপিত উক্ত ব্যক্তিগত খণ্ডৰ একাডেমীখনে ব্যতিক্ৰমীভাৱে ধৰিত্ৰী দিৱস পালন কৰি সজাগতা সৃষ্টি¸ ল’ৰা-ছোৱালীক মাতৃসকলৰ প্ৰতি দায়বদ্ধতা আৰু শ্ৰদ্ধাশীল হোৱাৰ বাবে আকৰ্ষণীয়ভাৱে সজাগতা সৃষ্টি কৰাত সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।