অসম ভূমি সুৰক্ষা মহাসভাৰ ৰাজ্যিক অভিবৰ্তন

 02/23/2019 - 19:10

গুৱাহাটীঃ অসম ভূমি সুৰক্ষা মহাসভাৰ ৰাজ্যিক অভিবৰ্তন অহা ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত হ'ব। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত মহাসভাৰ শীৰ্ষ নেতৃত্বত থকা বিষয়ববীয়াসকলে এই কথা সদৰী কৰে। এই অভিবৰ্তনত অংশগ্ৰহণ কৰিব মহাৰাষ্ট্ৰ, মণিপুৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীসকলে। অৱশ্যে অসম তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱা নাই আয়োজকসকলে।

উল্লেখ্য যে, যোৱা ১৬ ফেব্ৰুৱাৰীত অসম ভূমি সুৰক্ষা মহাসভাৰ একশ্যন কমিটিৰ এখন সভা অনুষ্ঠিত হৈছিল য'ত সভাৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আবেদন জনোৱা হৈছিল ,কিন্তু আজি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি লাভ নকৰিলে বুলি সংবাদ মেলত আয়োজকসকলে ক্ষোভ ব্যক্ত কৰে। এনে পৰিপ্ৰেক্ষিতত অসমবাসীক একত্ৰিত হৈ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে জাতি-মাটি-ভেটি ভালপোৱা প্ৰতিজন অসমীয়াক উক্ত সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে আয়োজকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।