প্ৰাঃ আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাৰ ভয়ংকৰ অভিযোগ: ক'ৰবাত বুটাম টিপিলে ভোট পৰে এটা নিৰ্দিষ্ট দলত

 04/23/2019 - 12:09

গুৱাহাটী: আজি ৰাজ্যত ব্যাপক খেলিমেলিৰে অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ ল'বলৈ যোৱা প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই আনিছে ভয়ংকৰ অভিযোগ। তেখেতে জনোৱা মতে ভোট দিবলৈ গৈ বুটাম টিপিলে বেলেগ, ভোট পৰিলে বেলেগত।

লাচিতনগৰৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে হৰেকৃষ্ণ ডেকাই। লগতে তেওঁ অভিযোগ কৰা মতে, কেন্দ্ৰটোত ভোটদান প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও প্ৰাঃ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে যদিহে এনেকুৱাই হয় তেনেহ'লে ভোট দিয়াৰ যুক্তি ক'ত।

এইক্ষেত্রত নিৰ্বাচন আয়োগক অভিযোগ দিয়ো লাভ নাই। অভিযোগকাৰীয়ে নিজে শেষত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো এইবাৰ ইভিএমৰ খেলিমেলিৰ বিষয়ে অভিযোগ কৰিলে অভিযোগকাৰীৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে ক্ৰিমিনেল কেছ।

অভিযোগকাৰীয়ে দহ হাজাৰ টকাৰ জৰিমনা ভৰিবলগীয়া অথবা জেললৈও যাবলগীয়া হ'ব পাৰে। হৰেকৃষ্ণ ডেকাৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইক্ষেত্রত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।