মাজগাঁৱত ইভিএম বিকল দেৰীকৈ ভোটগ্ৰহণ: বৰ্তমানলৈ ১৪.০৬ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে

 04/23/2019 - 12:36

উত্তৰ গুৱাহাটী: জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। উত্তৰ গুৱাহাটীৰ ১০৮নং মাজগাওঁ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ১০৫নং আউনীআটী কমল দেব উচ্চতৰ বিদ্যালয়ত ই ভি এম বিসংগতি।

এঘন্টা পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছে। ফলত দীৰ্ঘ সময় থিয় দিব লগা হোৱাত হাৰাশাস্তিৰ সন্মুখীন হয় ভোটাৰসকল।

বৰ্তমানলৈ কামৰূপ জিলাত ১৪.০৬ শতাংশ ভোটদাতাই ভোটদান সাব্যস্ত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।