বৰপেটাত সুকলমে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ

 04/23/2019 - 13:04

বৰপেটা: বৰপেটাত ১৩৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে৷ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোজন প্ৰিজাইডিং বিষয়া আৰু তিনিজন পলিং বিষয়া নিয়োজিত কৰা হৈছে৷

তদুপৰি কেইবাটাও কেন্দ্ৰৰ মাজত একোজনকৈ মুঠ ১৬৭ জন ছেক্টৰ বিষয়া আৰু ৩১ জন জোনেল বিষয়া নিয়োজিত কৰা হৈছে। উল্লেখ্য যে, ৬ নম্বৰ বৰপেটা সংসদীয় সমষ্টিত এইবাৰৰ নিৰ্বাচনত ১৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ ৩২ নম্বৰ বঙাইগাওঁ, ৩৪ উত্তৰ অভয়াপুৰী, ৩৫ দক্ষিণ অভয়াপুৰী, ৪২ পাটাছাৰকুছি, ৪৩ বৰপেটা, ৪৪ জনিয়া, ৪৫ বাঘবৰ, ৪৬ সৰুক্ষেত্ৰী, ৪৭ চেঙা আৰু ৬১ নম্বৰ ধৰ্মপুৰ সমষ্টিৰ মুঠ ১৬,৭৬,৮৫৪ জন ভোটাৰে আজি প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব৷

বৰপেটা জিলাৰ ১০ টা কেন্দ্ৰকে ধৰি এইবেলি সংসদীয় সমষ্টিটোত মুঠ ২৮ টা কেন্দ্ৰ কেবল মহিলা বিষয়া - কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব৷ সংসদীয় সমষ্টিটোত ২৭ টা ভোট গ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।

বৰ্তমানলৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সূচাৰুৰূপে চলি আছে। দুই এটা কেন্দ্ৰত ইভিএম বিকল হৈছিল যদিও পিছত ঠিক কৰা হৈছে।

সৰ্বমুঠ ১১. ৭১% ই বৰ্তমানলৈকে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।