বিজনীত ৰাইজে বৰ্জন কৰিলে ভোট

 04/23/2019 - 13:20

বিজনী: দেশৰ তৃতীয় পৰ্যায়ত আজি আৰম্ভ হৈছে ভোটগ্ৰহণ। পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ অধীনৰ ৩৩ নম্বৰ বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোট কেন্দ্ৰসমূহত পুৱা ৭বজাৰ পৰা ভোট প্ৰদান আৰম্ভ হয়।

বিজনী মহকুমা প্ৰশাসনে এইবাৰ মহিলা বিষয়া- কৰ্মচাৰীৰ হতুৱাই ভোট গ্ৰহণৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ বিজনী বিধানসভা সমষ্টিৰ মুঠ ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত পাণবাৰী হাইস্কুল, অৰুণোদয় হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুলত ছটা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে।

লক্ষ্যণীয় যে ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে বিজনী ১৫২ নম্বৰ ভোটকেন্দ্ৰত নিজা ভোট প্ৰদান কৰে। 

উল্লেখ্য যে, ৩৩নং বিজনী বিধানসভা সমষ্টিৰ ৩৩ আৰু ৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে বিহংগতি। ৰাইজে বৰ্জন কৰিলে ভোট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।