হাউলীত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ শাৰীপাতি ভোটদান

 04/23/2019 - 13:30

হাউলী: ৬ নং লোকসভা সমষ্টিৰ বৰপেটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাউলী ছোৱালী হাইস্কুলত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সাধাৰণ ৰাইজৰ লগত শাৰী পাতি ভোটদান কৰে।

ইপিনে হাউলী আজাদ হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত প্ৰখৰ ৰ'দৰ মাজতো ৰাতিপুৱাৰ পৰা ভোট দিবলৈ শাৰী পাতিছে ভোটাৰসকলে। বিশেষকৈ এইবাৰ নৱপ্ৰজন্মৰ ভোটাৰসকল স্বতঃস্ফুৰ্তভাবে ওলাই অহা দেখা গৈছে।

 হাউলী নগৰৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতেই শান্তিপূৰ্ণ পৰিৱেশত ভোটগ্ৰহণ চলি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।