নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ প্ৰশংসনীয় পদক্ষেপ: বৃদ্ধাক উদ্ধাৰ কৰি দিলে নৱ-জীৱন

 04/23/2019 - 14:38

দ্বীপেন শইকীয়া: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ একান্ত প্ৰচেষ্টাত সোমবাৰে নগাঁও জিলাৰ ডিমৰুগুৰী আমতল পথৰ পৰা এগৰাকী এখন ভৰি ভঙা দৰিদ্ৰ বৃদ্ধাক উদ্ধাৰ কৰা হয়। ডিমৰুগুৰী আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিতাৰ পত্নী সৰুমাই কলিতা (৬৫) ই কিছুদিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত খুজি মাগি জীৱন নিৰ্বাহ কৰি আহিছিল।

তেখেতৰ কোনো পুত্র সন্তান নাচিল যদিও বিবাহিত একমাত্র জীয়ৰিৰ লগতে জীৱন অতিবাহিত কৰিছিল। কিন্ত একমাত্র জীয়ৰিৰ স্বামীৰ মৃত্যুৰ পিচত তেওঁলোকৰ পানীত হাহঁ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদপথত এনেদৰে ভিক্ষা মাগি ফুৰা অৱস্থাত দিনদিয়েক পূৰ্বে নগাঁও চহৰৰ এজন সমাজ সচেতক যুৱক ভাস্কৰ বৰাই চ'চিয়েল মিডিয়াত বৃদ্ধাগৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে কিছু তথ্য প্ৰচাৰ কৰিছিল।

সেই সূত্রেই আজি নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নেতৃত্বত যোৱা এটি সজাতি দলে ডিমৰুগুৰীৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ সম্পূৰ্ণ ব্যৱস্থা কৰে। তাৰ পূৰ্বে বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু অনাগত দিনত বৃদ্ধাগৰাকীৰ চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।

আজিৰ এই সজাতি দলটোত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিৱক্তা ৰূপালী গোস্বামী, মল্লিকা শৰ্ম্মা, অৰ্ধআইনী সহায়ক মায়া ডেকা, তুলু বৰা, পাপুমনি বৰা আদি উপস্থিত থাকে। নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ দৰিদ্ৰ লোকৰ প্ৰতি থকা সন্মানক তথা প্ৰাধিকাৰীৰ এনে তাৎক্ষণিক পদক্ষেপৰ বাবে নগাঁৱৰ সচেতন মহলে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।