'অভিনন্দন'ৰ ব'হাগী উৎসৱত সুৰক্ষা কৰ্মীক সম্বৰ্ধনা জনালে বৰষাৰাণী বিষয়াই

 04/23/2019 - 15:12

হাবিবৰঙাবাৰী: দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰু অৱসৰ গ্ৰহণ কৰা লোকক জীৱিত অৱস্থাত সন্মান প্ৰদৰ্শন কৰি হাবিবৰঙাবাৰীৰ অভিনন্দন নামৰ যুৱ সংঘ এটাই যোৱা সাত ব'হাগত অভিনৱ ব'হাগী উৎসৱত ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। সংঘটোৱে অনুষ্ঠিত কৰা মুকলি বিহুত জিলা আৰক্ষী অধীক্ষকৰ লগতে উপস্থিত আছিল অসমীয়া চিনেমা জগতৰ সুপ্ৰতিস্থিত মোহনীয়া অভিনেত্ৰী বৰষাৰাণী বিষয়া।

অভিনেত্ৰীগৰাকীয়ে মুকলি বিহুৰ সৰ্ব্বশ্ৰেষ্ঠ দলটো নিৰ্বাচন কৰাৰ লগতে সংঘৰ হৈ সামৰিক বাহিনীৰ লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। সহস্ৰাধিক লোকৰ উপস্থিতিৰে লোকাৰণ্য এক পৰিবেশত জীৱিত কালতে এনেদৰে সম্বৰ্ধিত হৈ আবেগিক হৈ পৰা তৰাবৰী, হাবিবৰঙাবাৰী আৰু ৰঙাদৰিয়া পঞ্চায়তৰ সামৰিক বাহিনীৰ লোকসকলে আৱেগত বিহ্বল হৈ এই উদ্যোগৰ শলাগ লয় আৰু পূৰ্বে কেতিয়াও এনে অনুষ্ঠানৰ সাক্ষী হোৱা নাছিল বুলি অকপটে স্বীকাৰ কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ হাবিবৰঙাবাৰী অঞ্চলৰ এক বুজন সংখ্যক যুৱকে দেশৰ সামৰিক বাহিনীত মকৰল হৈ দেশসেৱাত নিয়োজিত হৈ আছে আৰু দেশৰ বিভিন্ন স্থানত দায়িত্বত ব্ৰতী হৈ আছে। সম্বৰ্ধনা অনুষ্ঠানৰ পাছত তেজপুৰৰ পৰা আমন্ত্ৰিত বিহু দল নিনাদ'ৰ অনুষ্ঠানেও ৰাইজক আপ্লুত কৰে।

অভিনন্দনৰ প্ৰচাৰ সম্পাদক ধীৰাজ নাথ আৰু মধুসূদন পাতৰে জানিবলৈ দিয়া মতে সুৰক্ষা কৰ্মীসকলৰ সহযোগত অহা ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱসত গছপুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই অনুষ্ঠানত অসমৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ উপস্থিত থাকিব বুলি তেওঁলোকে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।